ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰুধিতাৰে কৃষকসকলৰ আন্দোলন অব্যাহত আছে। ইয়াৰ পুৰ্বে এই সম্পৰ্কে চৰকাৰে কৃষকসকলৰ সৈতে আলোচনাত বহাৰ কথা সদৰি কৰিছিল। ইয়াৰ পিছত মঙ্গলবাৰে আবেলি ৩ বজাত চৰকাৰ আৰু কৃষকসকল আলোচনাৰ বাবে মিলিত হ’ব।এই আলোচনাত যোগ দিয়াৰ বাবে চৰকাৰে কৃষকসকলৰ মাজৰে কিছুসংখ্যক সংগঠনক নিমন্ত্ৰণ নকৰাৰ বাবে সেই সংগঠন সমুহ ক্ষুন্ন হোৱা পৰিলক্ষিত হৈছে। ইফালে এই আলোচনা সম্পৰ্কীয় কথা বতৰা সমুহ চলি থকাৰ মাজতো দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছে। ইয়াৰ সমান্তৰালভাৱে গাজীপুৰ সীমাৰ ওচৰত থকা আন্দোলনকাৰী কৃষক সকলে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰিছে।ইফালে সিন্ধু সীমাত কৃষকসকল জমা হৈ থকাৰ বাবে পৰিস্থিতি বিষম হৈ পৰিছে।