ডিব্ৰুগড়ত আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ডিজিটেল ডেস্কঃ অসম দিৱসৰ দিনা ডিব্ৰুগড়ত মুকলি হল আন্তৰ্জাতিক মানদণ্ডৰ মিউজিয়াম । বুধবাৰে মুঠ ৩.৪৩কোটি টকা ব্যয়সাপেক্ষে সংগ্ৰাহলয়টো নিৰ্মাণ কৰি উলিওৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে । মূৰ্ত্ত-বিমূৰ্ত্ত ঐতিহ্য, সংস্কৃতি, ইতিহাস, পৰম্পৰা ইত্যাদি সংগ্রহ, সংৰক্ষণ, প্রদর্শন তথা গৱেষণাৰ অৰ্থে সংগ্ৰাহলয়টো নিৰ্মাণ কৰা হৈছে। তিনিমহলীয়া সংগ্ৰাহলয়টোত আছে ছটা প্রস্তাবিত বীথিকা, এটা অত্যাধুনিক প্রেক্ষাগৃহ, কার্যালয় ভৱন আদি। উল্লেখ্য যে সম্প্রতি সংগ্রহালয়ত থকা অন্যতম গুৰুত্বপূর্ণ সম্পদসমূহৰ ভিতৰত অন্যতম হল গন্ধসৰৈ শিলালিপি, যাৰ আনুমানিক সময়সীমা ৬৭৫ খৃ্ষ্টাব্দৰ পৰা ৭২৫ খৃষ্টাব্দলৈ।

উল্লেখ্য যে ,ডিব্ৰুগড়ত ১৯৮৭ চনতে সংগ্ৰাহলয়টো স্থাপন কৰা হৈছিল যদিও ডিব্ৰুগড় জিলা পুথিভঁৰালতে অস্থায়ী ভাৱে আছিল। উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নব কুমাৰ দলেৰ লগতে বহু গণ্য মান্য বক্তি উপস্থিত থাকে

Comments (0)
Add Comment