Daily Time Axom

চুতীয়া ছাত্ৰ সন্থাত যোগদান ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুভাষ শইকীয়াৰ।

0 17

ডিজিটেল ডেস্কঃ বুধবাৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুভাষ শইকীয়াই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাত আনুষ্ঠানিক ভাবে যোগদান কৰে । ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আদৰণি সভাত প্ৰাক্তন সক্ৰিয় আছু কৰ্মী সুভাষ শইকীয়াই যোগদান কৰে । সুভাষ শইকীয়াক গামোচা,ফুলৰ থোপা, জাপি আৰু চুতীয়া জনগোষ্টীয় পাগুৰীৰে আদৰণি জনাই চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াই । আদৰণি অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, সহ:সম্পাদক লক্ষী বৰা , গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সম্পাদক দ্বীপেন বৰাকে ধৰি গোলাঘাট জিলা,ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.