Daily Time Axom

চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক বগীনদী অধিবেশনৰ প্ৰস্তুতি আৰম্ভ।

0 13

ডিজিটেল ডেস্কঃ আগন্তুক ২৭,২৮,২৯ আৰু৩০ জানুৱাৰীত অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক বগীনদী অধিবেশন অনুষ্ঠিত হব । লক্ষীমপুৰ লক্ষ্মীনাৰায়ন ক্ষেত্ৰ বগীনদীত অনুষ্ঠিত হব লগা অধিবেশনৰ প্ৰস্তুতি বুধবাৰৰ পৰা পূৰ্ণগতিত আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।

লক্ষীমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই বগীনদীৰ শতাধিক ৰাইজৰ সহযোগত অধিবেশন অনুষ্ঠিত হব লগা পথাৰত নৰা কটা কাৰ্যসুচী হাতত লয়। অহা ৯ ডিচেম্বৰত অধিবেশনৰ লাই খুটা স্থাপন কৰা কথা উল্লেখ কৰে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াই । সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি বাৰ্ষিক বগীনদী অধিবেশন অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ সমাহাৰ ঘটিব ।

Leave A Reply

Your email address will not be published.