ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ উত্তেজনাপূৰ্ণ এদিনীয়াত খেলৰ মাজতেই প্ৰেম নিবেদন ৷
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ লগত ভাৰত পৰাজিত হ’লেও পৰাজিত নহ’ল দ্বিপেন মণ্ডালিয়া । সম্প্ৰতি ভাৰতীয় ক্ৰিকেট টীম অষ্ট্ৰেলিয়াৰ সৈতে চলি থকা টুৰ্ণামেন্টত ব্যস্ত। শেহতীয়াকৈ দুখনকৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হলেও মেলবৰ্ণ ত থকা ইণ্ডিয়ান ক্ৰিকেট টিমৰ দুৰ্দান্ত সমৰ্থক দ্বিপেনে তেওঁৰ প্ৰেমত ধৰাশায়ী কৰিলে অষ্ট্ৰেলিয়ান প্ৰেমিকাক। চলিত ভাৰত আৰু অষ্ট্ৰেলিয়া ৰ টুৰ্ণামেন্টৰ মাজতেই ব্যাপক চৰ্চা চলিছে দ্বিপেনৰ প্ৰেম নিবেদনৰ ব্যতিক্ৰমী প্ৰচেষ্টা। উল্লেখযোগ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া ক্ৰিকেট মেটচৰ পোনপটীয়া সম্প্ৰচাৰ চলি থকা অৱস্থাত অষ্ট্ৰেলিয়ান প্ৰেমিকাক প্ৰেম নিবেদন কৰা দৃশ্য চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
instragram ৰ যোগেদি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দ্বিপেন মণ্ডালিয়াই। তেওঁ প্ৰেমিকা ৰ’জৰ সৈতে থকা ফটো শ্বেয়াৰ কৰাৰ লগতে তেওঁলোকৰ প্ৰেমকাহিনী ৰাজহুৱা কৰে। তেওঁ লিখে যে দুবছৰৰ আগতে মেলবৰ্নত তেওঁ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল আৰু যিটো এপাৰ্টমেণ্টত পূৰ্বে ৰ’জ ৱিম্বুছ নামৰ এগৰাকী যুৱতী থাকিছিল। এপাৰ্টমেণ্টটোত সেই যুৱতী গৰাকীৰ কেইখনমান চিঠি উদ্ধাৰ কৰিছিল আৰু ইয়াৰ পৰবৰ্তী সময়ত তেওঁলোক প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাইছিল।