গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ বৃহৎ সমাবেশ । মুখপত্ৰ ” আলোড়ন ” উন্মোচন
ডিজিটেল ডেস্কঃ গোলাঘাট নুমলীগড় শোধনাগাৰৰ বহু প্ৰত্যাশিত প্ৰকল্প সম্প্ৰসাৰণৰ প্ৰাকমুহূৰ্তত বৃহস্পতি বাৰে অনুষ্ঠিত নুমলীগড়ত গোলাঘাট জিলা কাৰিকৰী নিবনুৱাৰ সমাবেশে বিশেষ তাৎপৰ্য বহন কৰিছে। গোলাঘাট জিলাৰ ৫ শতাধিক কাৰিকৰী নিবনুৱাৰ উপস্থিতিত অনুষ্ঠিত এই সমাৱেশত কাৰিকৰী নিবনুৱা সকলে আগন্তুক এন আৰ এলৰ প্ৰকল্প সম্প্ৰসাৰণে জিলাখনৰ কাৰিকৰী নিবনুৱা সকলক প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ দাবী উত্থাপন কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক পেঞ্চনাৰ দ্বীপেন দত্তৰ সঞ্চালনাত “নুমলীগড় শোধনাগাৰৰ প্ৰকল্প সম্প্ৰসাৰণ আৰু কাৰিকৰী নিবনুৱাৰ ভৱিষ্যত” শীৰ্ষক আলোচনা চক্ৰও অনুষ্ঠিত হয়। আলোচনাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক ডঃ কাজল শইকীয়াই কাৰিকৰী নিবনুৱা সকলক কৰ্মৰ মাজেৰে নিজৰ জীৱন গঢ়াৰ কথা উল্লেখ কৰি একাগ্ৰতা আৰু সাধনাইহে ইতিবাচক পৰিবেশ সৃষ্টিত অৰিহণা যোগাব বুলি মন্তব্য আগবঢ়াই । অন্য এগৰাকী আলোচক জ্যেষ্ঠ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিয়ে এন আৰ এলৰ জন্মৰ ইতিহাস সোঁৱৰণ কৰি শোধনাগাৰৰ প্ৰকল্পৰ সম্প্ৰসাৰণত সময়ত প্ৰজন্মৰ উত্তৰণ তথা নিবনুৱাৰ সংস্থাপনত এন আৰ এল কৰ্তৃপক্ষই জাতীয় দায়বদ্ধতা পালনৰ বাবে আহ্বান জনায়। তেওঁ প্ৰকল্পৰ সম্প্ৰসাৰণৰ সময়ত অস্থায়ী নিয়োগৰ সম্ভাৱনা থকা বিভিন্ন দিশৰ কাৰিকৰী কাম সমূহ নুমলীগড় অথবা জিলাখনৰ পৰিবৰ্তে ৰাজ্যৰ বাহিৰত কৰিবলৈ লোৱা কাৰ্যই থলুৱা নিবনুৱাৰ স্বাৰ্থ বিঘ্নিত কৰিব বুলি উল্লেখ কৰি এনে কাম কোনো কাৰণতে বহিৰাগত কোম্পানীক কৰিবলৈ দিয়া নহব বুলি তেওঁ সকীয়াই দিয়ে। সভাত বিশিষ্ট শ্ৰমিক নেতা তথা অধিবক্তা ধ্ৰুৱজ্যোতি বৰাই আলোচকৰূপে অংশগ্ৰহণ কৰে। কাৰিকৰী নিবনুৱা সন্থাৰ বিষয়ববীয়া সকলে প্ৰস্তুত কৰি উলিওৱা মুখপত্ৰ “আলোড়ন” উন্মোচন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী প্ৰবক্তা তথা বিশিষ্ট লেখক দেৱজিত ফুকনে । দেৱজিত ফুকনে এন আৰ এল কৰ্তৃপক্ষই শোধনাগাৰ স্থাপনৰ সময়ত ১০ হাজাৰ নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নকৰাৰ কথা উল্লেখ কৰি এইবাৰৰ প্ৰকল্প সম্প্ৰসাৰণৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই থলুৱাৰ নিবনুৱাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ আহ্বান জনায়। আলোচনা চক্ৰ উদ্ধোধন কৰে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ সম্পাদক ভাস্কৰ বৰুৱাই আৰু বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নুমলীগড় শোধনাগাৰৰ উপ মহা প্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈ, মুখ্য প্ৰবন্ধক বিশ্বজিত বৰা, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, প্ৰাথমিক শিক্ষক সন্মিলনৰ সম্পাদক জীৱন বৰা , সাংবাদিক বুবুল দত্ত, হেমন্ত শইকীয়া, শ্ৰমিক নেতা ৰামলগন কুমাৰ, দিব্যভূষণ শইকীয়া আৰু ইক্রাম আলিয়ে