জিজিটেল সংবাদঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰুধিতাৰে কৃষকসকলৰ আন্দোলন অব্যাহত আছে। ইয়াৰ মাজতে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ এক সিদ্ধান্তই চৰ্চা লাভ কৰিছে। কৃষি আইনৰ প্ৰতিবাদ জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লাভ কৰা পদ্মভূষণ সন্মান উভতাই দিয়াৰ কথা ব্যক্ত কৰে। প্ৰকাশ সিং বাদলে কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ লগত অন্যায় কৰিছে।
সেয়েহে তেওঁ ২০১৯ চনত লাভ কৰা পদ্মভূষণ সন্মান চৰকাৰক উভতাই দিব। তেখেতে এই সম্পৰ্কে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দলৈ চিঠি লিখিব বুলি জানিবলৈ দিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ এই পদ্মভূষণ সন্মান উভতাই দিয়াৰ সিদ্ধান্তক কৃষক আন্দোলনৰ নেতা সকলে সমৰ্থন জনাইছে।