Daily Time Axom

জনপ্ৰিয় মছলা কোম্পানী MDH ৰ স্বতাধিকাৰী ধৰ্মপাল গুলাটীৰ মৃত্যু

0 16

ডিজিটেল ডেস্কঃ কিছু দিন আগলৈকে বিজ্ঞাপনৰ জগত খনৰ চিৰপৰিচিত মছলা এটা ব্ৰেণ্ড MDH ৰ এডত ওলোৱা সেই জনপ্ৰিয় বৃদ্ধ মূখ খন আৰু আপোনালোকে দেখা নাপাব। কাৰণ MDH মছলাৰ মালিক আৰু ব্ৰেড এম্বেচেদৰ ধৰ্ম পাল গুলাটীৰ জয়পুৰৰ মাতা চন্দন দেৱী হাস্পতালত ৩ ডিচেম্বৰৰ ৯৮ বছৰ বয়সত পুৱা ৫.৩৮বজাত মৃত্যু হয়।

প্ৰাপ্ত খৱৰ অনুহৰি কিছু দিন আগৰ পৰা গুলাটী কৰোণাত আক্ৰান্ত হৈছিল আৰু চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। টেলিভিচনৰ পৰ্দাত বুঢ়ে দাদা বুলি খ্যাত এই হাঁহিমুখৰ বৃদ্ধ গৰাকীৰ মৃত্যুত ব্যথিত হৈছে তেওঁ ৰ অনুৰাগী সকল।।

Leave A Reply

Your email address will not be published.