Daily Time Axom

অধিক কঠোৰ জ’ বাইডেন। বিপদত পাকিস্তান

0 20

ডিজিটেল ডেস্কঃ ভাৰতৰ চিৰবৈৰী পাকিস্তানে সদায় ভাৰতক বিৰোধীতা কৰি আহিছে। কিছুদিন আগতে লাডাখত ভাৰতৰ আৰু চীনৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত আন্তঃৰাষ্ট্ৰীয় মহলত মুখ থেকেচা খোৱাত চতুৰ চীনে পাকিস্তানক ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। বিগত সময় ধৰি পাকিস্তানী বায়ুসেনাই আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দি আহিছে। উল্লেখযোগ্য যে, পাকিস্তানে তেওঁলোকৰ বায়ুসেনাত যথেষ্ট সংখ্যক আমদানি কৃত F-16 ফ্ৰান্সৰ মিৰাজ আৰু চীনৰ JF-17 যুদ্ধ বিমান ব্যৱহাৰ কৰি আহিছে। পাকিস্তানে আমেৰিকাৰ পৰা আমদানি কৰা F-16 বিমানসমূহ পূৰণি হোৱাত অধিকাংশই কাৰ্য্যক্ষম অৱস্থাত নাই। আনহাতে ফ্ৰান্সে পাকিস্তানৰ লগত সামৰিক সহযোগিতা নকৰে বুলি নিশ্চিত কৰিছে। গতিকে বৰ্তমান পাকিস্তানৰ বায়ুসেনাই অধিকাংশ চীনত নিৰ্মিত জেট বিমান JF -17 ব্যৱহাৰ কৰি আহিছে। কিন্তু চীনে এই বিমানসমূহ ৰাছিয়ান ইঞ্জিন ব্যৱহাৰ কৰিছিল। 2020 বৰ্ষত আমেৰিকাৰ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাত জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ লোৱাত বিপদৰ সন্মুখীন হৈছে পাকিস্তান। কাৰণ আমেৰিকা এইবাৰ পাকিস্তানৰ ওপৰত CAASTA আইনৰ যোগেদি অধিক কঠোৰ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.