ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম বৰপথাৰৰ সৌৰভ দাস
ডিজিটেল ডেস্কঃ প্ৰথমতে অসম বুক অফ ৰেকৰ্ডছ আৰু পৰবৰ্তী পৰ্যায়ত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমা আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া হলৌখোৱা গাঁৱৰ যুৱক সৌৰভ দাসে । গছৰ পাতেৰে এখন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ছবি অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সৌৰভে । ইয়াৰ পূৰ্বে তেওঁ এটা গ্লোবত দেশৰ ক্ৰিকেটাৰ, গায়ক মহান মনীষি সকলৰ ছবি অংকন কৰি অসম বুক অফ ৰেকৰ্ডছত ও তেওঁৰ নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল । সৰুৰ পৰা গান, বাজনাৰ লগত জড়িত সৌৰভে এতিয়া ভাল চিত্ৰশিল্পী হিচাপে পৰিচিত হৈ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সৌৰভৰ এনে সাফল্যত পিতৃ, মাতৃকে ধৰি অঞ্চলবাসী য়ে এতিয়া গৌৰৱ অনুভৱ কৰিছে