গীতাঞ্জলি ৰাওক “KID OF THE YEAR” 2020 খিতাপ প্ৰদান টাইম মেগাজিনৰ
ডিজিটেল ডেস্কঃ টাইম মেগাজিনে প্ৰথমবাৰৰ বাবে কোনো শিশুক ”KID OF THE YEAR” খিতাপেৰে বিভূষিত কৰে। ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিক গীতাঞ্জলি ৰাও ক ২০২০ চনৰ “KID OF THE YEAR” নিৰ্বাচন কৰে টাইম মেগাজিনে। উদীয়মান বৈজ্ঞানিক আৰু উদ্ভাৱক হিচাপে পৰিচয় গঢ়িবলৈ সক্ষম হয়। ১৫ বছৰীয়া গীতাঞ্জলিয়ে প্ৰায় পাঁচ হাজাৰ শিশুক পিছ পেলাই এই খিতাপ অৰ্জন কৰে। CYBER BULLYING ৰ সৈতে যুঁজিবলৈ এটা এপ নিৰ্মাণ কৰাৰ লগতে পানীৰ শুদ্ধতা জুখিবলৈ টেকনিক ব্যবহাৰৰ ওপৰত কাম কৰি আছে গীতাঞ্জলিয়ে। CYBER CRIME বন্ধ কৰিবলৈ কৰা এই উদ্ভাৱন সম্পর্কে কয় যে, এইয়া এক প্ৰকাৰৰ সেৱা যাৰ নাম KINDLY ৰখা হৈছে । এই এপটোৱে আৰম্ভণিতে CYBER BULLYING ধৰা পেলাব পাৰে।