Daily Time Axom

তিমিৰ বমিত কোটিপটি মাছমৰীয়া

0 23

ডিজিটেল ডেস্কঃ নিশাটোৰ ভিতৰতেই সলনি হৈ পৰিল মাছ মাৰি জীৱন নিৰ্বাহ কৰা থাইলেণ্ডৰ মাছমৰীয়া নাৰিছৰ জীৱন। তিমি মাছৰ বমিয়ে সলাই দিলে নাৰিছৰ ভাগ্য । অকল্পনীয়ভাৱে তিমিৰ বমিৰ পৰা ওলাল ২৫ কোটি টকাৰ ‘আম্বাৰগ্ৰীছ’ৰ টুকুৰা। ১০০কিলোগ্ৰাম ওজনৰ এই টুকুৰাটোক নাৰিছে প্ৰথমে সাধাৰণ শিলৰ টুকুৰা বুলি ভাবিছিল । স্বাভাৱিকতে তেওঁৰ ভাগ্যত ২৫কোটি টকাৰ আম্বাৰগ্ৰিছ পৰিব তেওঁ কল্পনাও কৰা নাছিল। এই টুকুৰাটো এতিয়ালৈকে পোৱা আম্বাৰগ্ৰীছৰ আটাইতকৈ বৃহত্তম টুকুৰা। মাহিলী ৫০০ পাউণ্ড অৰ্থাৎ ৫০হাজাৰ টকা আয় কৰা মাছমৰীয়াজনক তিমিৰ এই বমিৰ বাবদ এজন ব্যৱসায়ীয়ে ২৫কোটি টকা দিয়াৰ প্ৰস্তাব দিছে। উল্লেখ্য যে বৈজ্ঞানিক ভাষাত তিমিৰ বমিক আম্বাৰগ্ৰীছ নামেৰে জনা যায়। “আম্বাৰগ্ৰিছ”নামৰ এই মূল্যবান পদাৰ্থ বিধ উৎকৃষ্টতম সুগন্ধিৰ উৎস হোৱাৰ লগতে বহু মূল্যবান কামতো ব্যৱহাৰ কৰা হয় ।

Leave A Reply

Your email address will not be published.