Daily Time Axom

পঞ্চম বাৰৰ আলোচনাতো কোনো সমাধান নোলাল কৃষক আন্দোলনৰ

0 13

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে। ৫ ডিচেম্বৰ‌ তাৰিখে কৃষি আইন সম্পৰ্কত দিল্লীৰ বিজ্ঞান ভৱনত চৰকাৰে কৃষকসকলৰ সৈতে পঞ্চম বাৰৰ বাবে আলোচনাত মিলিত হয়।৪০ টা কৃষক সংগঠনৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে এই আলোচনাত ভাগ লয়। এই আলোচনাৰ শেষত হ’ব লগা সিদ্ধান্তৰ বাবে সকলোৱে উৎকন্ঠাৰে বাট চাই থকা পৰিলক্ষিত হৈছিল যদিও চতুৰ্থ বাৰৰ দৰে এইবাৰো এই আলোচনাত কোনো সমাধান নোলাল। পঞ্চম বাৰৰ আলোচনাতো কোনো সমাধান নোলোৱাৰ কথাটোৱে কৃষকসকলক ক্ষোভিত কৰা পৰিলক্ষিত হোৱাৰ লগতে উপায়হীন কৰি তুলিছে।

Leave A Reply

Your email address will not be published.