Daily Time Axom

কংগনা ৰাণাৱতৰ ভাৰত বন্ধৰ বিৰোধিতা, টুইটাৰত কি লিখিলে কংগনা ৰাণাৱতে ?

0 12

ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱতে দেশৰ প্ৰায়বোৰ বিষয়ত নিজৰ মতামত ৰাখি আহিছে। মঙ্গলবাৰৰ ভাৰত বন্ধ সম্বন্ধেও তেখেতে আগবঢ়াইছে নিজা মতামত। কংগনাই সদগুৰু জগ্গী বসুদেৱৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি ভাৰতবন্ধ সম্বন্ধে নিজা মতামত আগবঢ়াইছে। বিগত দিনকেউটাত তেওঁ অহৰহ কৃষক আন্দোলনৰ বিৰোধিতা কৰি আহিছে। মঙ্গলবাৰে কৰা টুইটতো তেওঁ ভাৰতবন্ধৰ বিৰোধিতা কৰিছে। তেখেতে শ্বেয়াৰ কৰা ভিডিঅ’টোত সদগুৰুৱে আন্দোলন সম্বন্ধে নিজৰ মতামত আগবঢ়াইছে।

কংগনা ৰাণাৱতে ” how to fix India without protesting” ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে,আহা ভাৰত বন্ধ কৰো, ‘এনেইটো এই নাওখনত বতাহৰ প্ৰকোপ কম নহয়, কিন্তু আনা কুঠাৰ, কিছুমান বিন্ধা উলিয়াই লও। ৰৈ ৰৈ মৃত্যু হয় ইয়াত আশা, দেশভক্তসকলক কোৱা নিজৰ কাৰণে দেশৰ এটা ভাগ এতিয়া তুমিও বিচাৰি লোৱা। ৰাজপথলৈ ওলাই তুমিও ধৰ্ণা দিয়া। আজি এই প্ৰসংগই শেষ কৰো আহা।’

Leave A Reply

Your email address will not be published.