পুনৰ উত্তপ্ত ভাৰত চীন সীমান্ত ,অৰুণাচলৰ সীমান্তত চীনে নিৰ্মান কৰিলে তিনিখন কৈ গাঁও
ডিজিটেল ডেস্কঃ শেষতিয়াকৈ চেটেলাইট ধৰা পৰিছে ভাৰত-চীন সীমান্তত চীনে পুনৰ ভাৰত, ভূটান আৰু উত্তৰ অৰুণাচল সীমান্তত তিনিখনকৈ গাঁও নিৰ্মান কৰা তথ্য । প্ৰায় ৫ কিলোমিটাৰ বোম লা পাছ ৰ নিকৰ্টৱৰ্তী অঞ্চলত চীনে পুনৰ চলালে আগ্ৰাসন ।নতুনকৈ চেটেলাইট ইমেজ ত ধৰা পৰা তথ্য অনুসৰি চীনে গাঁও নিৰ্মান কৰিছে ২০১৭ চনত ভাৰত-চীনৰ মুখামুখি কৈ যুদ্ধ সংঘটিত হোৱা স্থানৰ পৰা পায় ৭ কিলোমিটাৰ নিলগত । উল্লেখ যোগ্য যে চীনৰ আগ্ৰাসনক লৈ এতিয়া পুনৰ ভাৰত চীনৰ সীমান্তত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ।