Daily Time Axom

বলিউড অভিনেতা Sonu Soodৰ মহানুভৱতা, আৰ্তজনৰ দেৱদূত

0 16

ডিজিটেল ডেস্কঃ কৰোণাৰ বিভীষিকাময় পৰিস্থিতিত বলিউড অভিনেতা Sonu Sood আৰ্তজনৰ কাৰণে দেৱদূত হৈ পৰিছে। তেখেতে কৰোণা প্ৰভাৱিত লোকসকলক অহৰহ সহায়ৰ হাত আগবঢ়াই আহিছে। লকডাউনৰ সময়ছোৱাত তেখেতে বহু হাজাৰ লোকলৈ পইচা, খাদ্য আৰু বহু প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ লগতে বহু প্ৰৱাসী শ্ৰমিকক নিজা ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে। তেখেতৰ এই মহানুভৱতা দেখি দেখি বহু লোকে তেখেতক দেৱদূত বুলি মাতিবলৈও আৰম্ভ কৰে। সম্প্ৰতি Sonu Soodয়ে আৰু বহু ভাল কাম কৰাৰ উদ্দেশ্যে আগবাঢ়িছে। ইয়াৰ বাবে তেখেতে নিজৰ ৮টাকৈ সম্পত্তি বন্ধকত ৰাখি ১০কোটি টকাৰ লোন লৈছে। moneycontrol.comৰ ৰিপোৰ্ট অনুসৰি সনুয়ে নিজৰ আৰু তেখেতৰ পত্নীৰ নামত থকা ২খন দোকান আৰু ৬টা ফ্লেট বন্ধকত ৰাখিছে। অৱশ্যে এই সন্দৰ্ভত Sonu Soodয়ে কোনো মন্তব্য আগবঢ়োৱা নাই।

Leave A Reply

Your email address will not be published.