Daily Time Axom

ভাৰত চীন সীমান্তক লৈ বৈদেশীক মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য

0 21

ডিজিটেল ডেস্কঃ চীন ভাৰতৰ মাজৰ সম্পৰ্কই সততে চৰ্চাত থকা পৰিলক্ষিত হয়।দুয়োখন দেশৰ সংঘাতে বহু সময়ত আতংকৰো সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ বৈদেশীক মন্ত্ৰী এছ জয়শংকৰে চীন আৰু ভাৰতৰ সম্পৰ্কক লৈ মন্তব্য আগবঢ়াইছে। অষ্ট্ৰেলিয়াৰ Lowy executive Director Michael Fullilove ৰ সতে হোৱা এক কথা-বতৰাত কয় যে,যোৱা ৩০,৪০ বছৰে চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক আটাইতকৈ জটিল হৈ আছে ।ইয়াৰ লগতে ভাৰতৰ চীনৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ কাৰন ব্যাখ্যা কৰি কয় যে চীনে LAC ত কৰা একপক্ষীয় পদক্ষেপৰ বাবে দুয়ো দেশৰ মাজৰ স্থিতি বেয়া হৈ পৰে। ইয়াৰ পুৰ্বে ১৯৭৫ চনত সীমান্তত কেইবাগৰাকীও সৈনিকে প্ৰাণ দিব লগা হৈছিল। গতিকে ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি যে এই বিষয়টো কিমান গভীৰ। বৈদেশিক মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে আমাৰ স্পষ্ট কথা ইতিমধ্যে চীনক জনাই দিছোঁ যে LAC ত আমাৰ স্থিতৱস্থা বাহাল থাকিব।এয়া আমাৰ প্ৰথম চৰ্ত।এই সম্পৰ্কে মই নিজে চীনৰ বৈদেশিক মন্ত্ৰীৰ লগত মিলিত হোৱাৰ লগতে আমাৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে মিলিত হৈছে বুলি মন্তব্য কৰে।ইয়াৰ পৰবৰ্ত্তী সময়ত চীন আৰু ভাৰতৰ সম্পৰ্কই কি মূৰ লয় সেয়াহে লক্ষনীয় হ’ব।

Leave A Reply

Your email address will not be published.