ডিজিটেল ডেস্কঃ ষ্টাৰ প্লাছৰ জনপ্ৰিয় চিৰিয়েল ” Yeh Rishta Kya Kehlata Hain” ত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী দিব্যা ভটনাগৰৰ ৭ ডিচেম্বৰত ক’ভিড ১৯ ৰ বাবে মুম্বাইৰ হস্পিতালত ৩৪ বছৰ বয়সত মৃত্যু হৈছিল৷ দিব্যাৰ মৃত্যুৰ পিছতে সন্মুখলৈ আহিছে বহুতো সন্দেহজনক তথ্য ৷ দিব্যাৰ স্বামীৰ ওপৰতে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ প্ৰথমে দিব্যাৰ মাতৃয়ে আৰু তাৰপিছতেই দিব্যাৰ বান্ধৱী দেৱলীনা ভট্টাচাৰ্যই ৷ ছ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ৰ দ্বাৰা দেৱলীনাই জনায় যে, দিব্যাৰ ওপৰত স্বামী গগণে কৰা শাৰিৰীক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰে৷
ইফালে দিব্যাৰ ভাতৃ দেৱাশীষেও দিব্যা আৰু গগণৰ সম্পৰ্কক লৈ অভিযোগ উত্থাপন কৰিছে আৰু সেইমৰ্মে দিব্যাৰ কোঠালীৰটোৰ এটা আলমাৰীত পোৱা এখন লেখাত উল্লেখ কৰা আছিল যে, দিব্যাৰ ওপৰত তেওঁৰ স্বামীয়ে কিদৰে শাৰিৰীক আৰু মানসিক উৎপীড়ন চলাইছিল৷
দেৱলীনাই কয় যে, গগণৰ অৰ্থাৎ দিব্যাৰ স্বামীৰ ওপৰত ছিমলাটো গুচৰ ৰুজো কৰা আছে যে গগণে দিব্যাৰ ওপৰত কৰৱাচথ পূজাৰ দিনাও দিব্যাৰ ওপৰত মাৰপীট কৰিছিল ৷ বৰ্তমান দিব্যাৰ পৰিয়ালে গগণৰ ওপৰত সম্পূৰ্ণ গোচৰ ৰুজো কৰাৰ বাবে সাজু হৈছে ৷