তিতাবৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত ভোটাৰ তালিকাৰ শুধৰণি সন্দৰ্ভত সজাগতা সভা।

ডিজিটেল ডেস্কঃ দেওবাৰে তিতাবৰ জিলা নিৰ্বাচন বিষয়া উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰা,শুধৰণি আৰু নাম কৰ্টন আদিৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে । এই সজাগতা সভাখন তিতাবৰ উন্নয়ন খণ্ডৰ অতিথিশালাত অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে তিতাবৰ মহকুমাধিপতি খনিন্দ্ৰ দাস , শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰণৱ বৰা, তিতাবৰ জিলা নিৰ্বাচন বিষয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি। উল্লেখ্য যে, বিশেষভাৱে সক্ষম লোকসকলক উৎসাহ দিবৰ বাবে সংগীত পৰিৱেশন কৰে DY365 ৰ আকাশ চুবৰ মন অনুষ্ঠানত শ্ৰেষ্ঠ বঁটা প্ৰাপক বুবুল নেওগে।

Comments (0)
Add Comment