ডিজিটেল ডেস্কঃ ২০০১ চনৰ ১৩ ডিচেম্বৰত পাকিস্তানী আতংবাদীৰ সংগঠনে ভাৰতীয় সংসদৰ ওপৰত আক্ৰমণ কৰিছিল। আৰু সেই আক্ৰমনত সংসদৰ কেইবাগৰাকীও সুৰক্ষা কৰ্মীৰ মৃত্যু হৈছিল। আৰু এই ঘটনাৰ পিছতেই পাকিস্তান আৰু ভাৰতৰ মাজৰ সম্পৰ্কত অধিক আউল লগা পৰিলক্ষিত হৈছিল।শনিবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ আক্ৰমনত শ্বহীদ হোৱা সুৰক্ষাকৰ্মী কেইগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই।লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে টুইট যোগে মন্তব্য কৰে যে, আমাৰ সংসদত ২০০১চনৰ আজিৰ দিনটোতেই আতংবাদীয়ে আক্ৰমণ কৰিছিল আৰু নিজ সংসদত হোৱা সেই আক্ৰমন আমি কেতিয়াও নাপাহৰো।ইয়াৰোপৰি তেওঁ কয় যে নিজ সংসদক ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ জীৱন আহুতি দিয়া সেই সকল সুৰক্ষা কৰ্মীক আমি সগৌৰৱেৰে সোঁৱৰণ কৰিছোঁ