Daily Time Axom

জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ ৰেমু ডিচোজা হৃদৰোগত আক্ৰান্ত

0 11

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ আৰু ডাইৰেক্টৰ ৰেমু ডিচোজাই শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ মোম্বাই কোকিলাবেন হস্পিতালত ভৰ্তি হয়। চিকিৎসাৰত ৰেমু ডিচোজাৰ angioplasty চাৰ্জাৰী কৰা হয়। চাৰ্জাৰীৰ পিছত ডিচোজা কিছু সুস্থ হৈ উঠিছে যদিও চিকিৎসা অব্যাহত আছে। অৱশ্যে তেখেতৰ স্বাস্থ্যৰ উন্নতি হৈছে যদিও হাস্পতালত পত্নী লিজেল আৰু ডিচোজাৰ চিনেমা ABCD, Anybody Can Danceত অভিনয় কৰা চলমান য়ুচুফ খান আৰু ফিল্ম ইণ্ড্ৰাষ্ট্ৰীৰ বহু লোক তেখেতৰ সৈতে উপস্থিত থাকে । লগতে নুৰা ফাতেহি, আহমদ খান, ৰাহুল দেৱ, আমিৰ আলি লগতে ধৰ্মেশ য়ালাণ্ডে হাস্পতালত তেখেতৰ সৈতে দেখা সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়। ডিচোজাৰ বন্ধুবৰ্গই অতি শীঘ্ৰে তেখেতৰ আৰোগ্য কামনা কৰে।

Leave A Reply

Your email address will not be published.