বিটিআৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইনৰ মন্তব্য
ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পিঠাদি গাঁওত দেওবাৰে দক্ষিণ পাকা মণ্ডল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ সদগতি জনাই এক মিনিট মৌন প্ৰাৰ্থনা কৰি সভাৰ আৰম্ভনি কৰে।মণ্ডল কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে।উক্ত সভাত জাকিৰ হুছেইনে বিটিআৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে দলত নতুনকৈ গঠন হোৱা মণ্ডল সমিতি,বুথ কমিতি,মহিলা মণ্ডল সমিতি,যুৱ কংগ্ৰেছ কমিটিৰ সদস্য সকলক উষ্ম আদৰণি জনাই।সভাখনত পাকা-বেতবাৰী জিলা পৰিষদৰ সদস্যা আতিফা আকতাৰ, দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মৰাণ আলীৰ উপৰিও কেইবাগৰাকী বিশিষ্ট উপস্থিত থাকে। উল্লেখ্য যে এই সভাতেই জাকিৰ হুছেইনে সৰুক্ষেত্ৰী সমষ্টিত ২০২১চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে এক লাখ দহ হাজাৰ ভোট লাভ কৰি জয়যুক্ত হব বুলি মন্তব্য কৰে।