এটা বিশেষ হেয়াৰষ্টাইলেৰে ইন্টাৰনেটত বহু চৰ্চিত হৈ পৰিছে এজনী হাতী।
ডিজিটেল ডেস্কঃ তামিলনাডুৰ এজনী হাতীয়ে ইন্টাৰনেটত গোটাইছে নিজৰ ফেন ক্লাব। তাইৰ ইউনিক হেয়াৰষ্টাইলে আকৰ্ষিত কৰিছে সকলোকে। তামিলনাডুৰ মন্নৰগুডি টাউনৰ ৰাজাগোপালস্বামী মন্দিৰত বাস কৰা চেঙামলম নামৰ এই হাতীজনীয়ে তাইৰ বব কাট হেয়াৰষ্টাইলৰ কাৰণে দেশ বিদেশৰ ফ্ৰেনচ গোটাবলৈ সক্ষম হৈছে। Indian Forest Service Officer সুধা ৰামেনে টুইটাৰত চেঙামলমৰ ফটো আপলোড কৰাত চেঙামলম হৈ পৰিছে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । হাতীজনীৰ আকৰ্ষণীয় চুলি আৰু কটাৰ ষ্টাইলৰ কাৰণে “বব কাট চেঙামলম” হিচাপে জনপ্ৰিয় হৈ পৰিছে। উল্লেখ্য যে, চেঙামলমৰ এই আকৰ্ষণীয় চুলিৰ আৰত আছে তাইৰ মাউত ৰাজাগোপালৰ যত্ন আৰু প্ৰতিপালন।