কৰোণাৰ মাজতে বৰদিন উদযাপন কৰাক লৈ WHO ৰ শেহতীয়া মন্তব্য
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বক মহামাৰী কৰোণাই গ্ৰাস কৰি ৰাখিছে। বৰ্তমান বিশ্ববাসী কৰোণাক নি:শেষ কৰিব পৰা ভেকচিনৰ অপেক্ষাত আছে। ইয়াৰ মাজতেই কৰোণা সম্পৰ্কত শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO য়ে মন্তব্য আগবঢ়াইছে। ২০২১ চনৰ প্ৰথমতেই ইউৰোপত কৰোণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰিছে।ইয়াৰ সমান্তৰালভাৱে বৰদিন উদযাপন কৰাৰ ক্ষেত্ৰত নিজৰ পৰিয়ালৰ লগতে আন লোক সকলৰ লগত মিলিত হওতে মাস্ক পৰিধান কৰি সামাজিক দুৰত্ব মানি চলিবলৈ সংস্থাটোৱে অনুৰোধ কৰিছে।কৰোণাৰ সংক্ৰমন অধিক হোৱা বাবে জাৰ্মানীত ইতিমধ্যে লকডাউন ঘোষনা কৰিছে আৰু এক প্ৰেছ কনফাৰেন্সৰত ১৫ ডিচেম্বৰৰ পৰা হোৱা এই লকডাউন জানুৱাৰী লৈকে থাকিব বুলি ঘোষনা কৰে।ইয়াৰ লগতে সক্ৰমন বেছি হোৱাৰ বাবে ব্ৰিটেইনত নৱেম্বৰত লকডাউন ঘোষনা কৰা হৈছিল আৰু ইয়াৰ ফল ও লাভ কৰিছে।ইফালে লণ্ডনত বৰ্তমানৰ পৰিস্থিতি বিষম হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ আটাইতকৈ ভয়ংকৰ কথাটো হ’ল যে ইয়াত ১১ ৰ পৰা ১৮বছৰৰ কিশোৰৰ সংক্ৰমন অধিক হোৱা দেখা গৈছে।