কাজিৰঙাত হেলিকপ্টাৰ অৱতৰণ কৰোতে বহুলোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি ৷
ডিজিটেল ডেস্কঃ কাজিৰঙাৰ গেলেকি খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ লওতে বিস্তৰক্ষতি সাধন হৈছে অঞ্চলবাসীৰ ৷ হেলিকপ্টাৰ অৱতৰণৰ সময়তেই গেলেকি অঞ্চলৰ কেইবাজনো লোকৰ বাসগৃহৰ ক্ষতি হোৱাৰ খবৰ আহিছে ৷ জানিব পৰামতে ঈশ্বৰ বাৰুকিয়াল, পবিত্ৰ হাজৰিকা, নিৰেন কলিতা, দীপেন হাজৰিকাৰ বাসগৃহৰ মুৰ্গী গড়াল, গৰু গোহালি, গোহাঁই উপাধিধাৰী এজন লোকৰ ঘৰৰ তিনিটা কোঠাৰ বেৰ ইত্যাদি সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয় ।
হেলিকপ্টাৰখন আকাশমাৰ্গৰ বহু তলেৰে যোৱাত বতাহৰ প্ৰাৱল্য বেছি হৈ এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।