Daily Time Axom

জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনতীয়ে খোজ দিব বলিউড জগতত

0 13

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ইউটিউবাৰ কেৰী মিনতীক বহু সময়ত চৰ্চাত থকা দেখা যায়।সদায় নিজৰ ব্যতিক্ৰমী কৌশলৰে দৰ্শকক আমোদ দিয়া কেৰীৰ অনুৰাগীও যথেষ্ট। কেৰী মিনতীৰ প্ৰকৃত নাম অজয় নাগৰ। ইউটিউব চেনেলৰ যোগেদি জনপ্ৰিয় হোৱা কেৰীয়ে দৰ্শকক নিজৰ ষ্টাইলেৰে কথা কৈ আমোদ দি আহিছে। বৰ্তমান কেৰীৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ সকলোতে বিয়পি পৰিছে। বলিউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগন আৰু বলিউডৰ মহানায়ক অমিতাভ বচ্চনৰ ‘ Meyday ‘নামৰ চিনেমাখনৰ যোগেদি ইউটিউবাৰ কেৰী মিনতীয়ে বলিউড জগতত খোজ দিব। জনপ্ৰিয় ইউটিউবাৰ গৰাকীয়ে ইতিমধ্যে এটা ইউটিউব ভিডিঅ’ত এই সম্পৰ্কে মন্তব্য কৰাৰ লগতে চিনেমা খনৰ বিষয়েও কিছু কথা অৱগত কৰিছে।

Leave A Reply

Your email address will not be published.