Daily Time Axom

শিৱসাগৰৰ এজন ব্যতিক্ৰমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

0 16

ডিজিটেল ডেস্কঃ ইতিমধ্যে শীতকাল আৰম্ভ হৈ গৈছে আৰু বতৰো সলনি হৈ পৰিছে। বহু ঠাইত বৰফ আৰু বৰষুণৰ বাবে চৰ্দিৰ আৰম্ভ হৈছে।এই ঠাণ্ডাৰ পৰা বাটৰ কাষত নিশা কটাবলগীয়া হোৱা লোক সকলক গৰম কাপোৰ দি সহায়ৰ হাত আগবঢ়োৱা হৃদয়বান লোক প্ৰায়ে পৰিলক্ষিত হয় আৰু ই নিশ্চিতভাৱে অসহায় লোকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হয়। কিন্তু এইবাৰ এজন ব্যক্তিৰ ব্যতিক্ৰমী কৰ্মই চৰ্চা লাভ কৰিছে। শিৱসাগৰ চহৰৰ অভিজিত দুৱৰা নামৰ এজন যুৱকে পথৰ কুকুৰৰ বাবে নিজ হাতেৰে সৰু সৰু ঘৰ বনাই ‘বাটৰ ঘৰ’ নাম দিয়া কাৰ্যই সকলোকে আকৰ্ষিত কৰিছে। উল্লেখ্য যে ঘৰৰ বেয়া হোৱা টি.ভি ৰ বাকচটো সুন্দৰকৈ সজাই পথৰ দাঁতিত ঘৰৰ আকৃতিত বনাই কুকুৰে ঠাণ্ডা নোপোৱাকৈ থাকিব পৰাকৈ সুবিধা কৰি দিয়ে।যোৱা ৭ বছৰৰ পৰা যুৱকজনে পেলনীয়া বস্তুৰে এনেদৰেই বিভিন্ন প্ৰয়োজনীয় বস্তু বনাই আহিছে। যুৱকজনৰ এই কৰ্মক সকলোৱে একমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.