Daily Time Axom

মণিপুৰৰ আৰক্ষী বিষয়া থৌনাঅ’জম বৃন্দাই মুখ্যমন্ত্রীক ওভটাই নিজৰ সাহসীকতাৰ বঁটা

0 12

ডিজিটেল ডেস্কঃ কিছু মাহ পূর্বে সমগ্র দেশতে বহু চৰ্চিত হোৱা মণিপুৰৰ আৰক্ষী বিষয়া থৌনাঅজম বৃন্দাই ক্ষোভ প্ৰকাশ কৰিছে ড্ৰাগছ সৰবৰাহ কাৰীক ৰেহাই দিয়াৰ বাবে।
ড্ৰাগছ সৰবৰাহ কাৰীৰ কবলৰ পৰা মণিপুৰক মুক্ত কৰাৰ সপোন দেখিছিল বৃন্দাই।তাৰবাবে নিজৰ জীৱনকো আওকাণ কৰি কৰ্তব্য পালন কৰিছিল বৃন্দাই।যাৰ বাবে বৃন্দাই মুখ্যমন্ত্রী তৰফৰ পৰা সাহসীকতাৰ বঁটা লাভ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বৰ ADC চেয়াৰমেন আৰু ৬জনকৈ লোকক ড্ৰাগছ সৰবৰাহ কাৰীৰ গুৰুত্বৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বৃন্দাই । তেনেস্থলত কিছুদিন পিছতে সৰবৰাহকাৰীকেইটাক জামিন মুকলি কৰি দিয়ে বিভাগটোৱে। ফলত ক্ষোভ প্ৰকাশ কৰি নিজৰ সাহসীকতাৰ বঁটা ওভটাই দিবলৈ বাধ্য হয় বৃন্দাই । জানিব পৰা মতে বৃন্দাৰ ওপৰত বহুতো হেচা প্ৰয়োগ কৰা হৈছিল মন্ত্রী সভাৰ ফালৰ পৰা। এখন চিঠিৰ দ্বাৰা মণিপুৰৰ মুখ্যমন্ত্রী বিৰেণ সিঙক জনায় যে, তেওঁ নিজৰ কৰ্তব্য পালন নিয়াৰিকৈ পালন কৰিব নোৱাৰা যেন অনুভৱ কৰিছে যাৰ বাবে তেওঁ নিজৰ সাহসীকতাৰ বঁটা ওভটাই দিছে।

Leave A Reply

Your email address will not be published.