Daily Time Axom

ৰিল হিৰ’ নহয় বৰঞ্চ ‘ৰিয়েল হিৰ’লৈ বলিউডৰ অভিনেতা চনু সুদ

0 16

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা সনু সুদক ছবি জগতত প্ৰায়ে খলনায়কৰ ৰূপত দেখিবলৈ পোৱা যায়। কিন্তু কৰোণাকালত তেওঁ দেশৰ অসহায় লোকসকলক সহায়ৰ হাত আগবঢ়ায় দেশবাসীৰ চকুত হৈ পৰিছে “ৰিয়েল হিৰ’ “। জনসাধাৰণৰ প্ৰতি সনু সোদৰ এই মহানুভৱতা দেখি তেখেতক ভগৱান, দেৱদূত বুলিও মন্তব্য কৰিছে বহু লোকে। তেওঁৰ মহানুভৱতাক মান্যতা প্ৰদান কৰি অন্ধ্ৰ প্ৰদেশৰ তেলেংগানাৰ সিদ্ধিপেট জিলাৰ ডুব্বা থাণ্ডা গাৱত নিৰ্মাণ কৰা হৈছে সনু সোদৰ মন্দিৰ । উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত যেতিয়া প্ৰৱাসী শ্ৰমিকসকলক সহায়ৰ অত্যন্ত প্ৰয়োজন আছিল সেইসময়ছোৱাত তেখেতে এই লোকসকলক নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰাৰ লগতে বহু নিবনুৱা লোকক কৰ্মসংস্থাপন দিয়ে। ইয়াৰোপৰি তেখেতে অবিৰতভাৱে কৰি অহা ৰাজহুৱা সেৱাই জনসাধাৰণৰ মনত এনেদৰে ঠাই দখল কৰি লৈছে যে যাৰ কল্পনা অন্য ষ্টাৰসমূহে কেৱল কল্পনা হে কৰিব পাৰিব। এইকাৰণেই এতিয়া সনু সোদৰ মন্দিৰ নিৰ্মাণ কৰি জনসাধাৰণে তেখেতক পূজা কৰিবলৈ আৰম্ভ কৰিছে। ডুব্বা থাণ্ডাত মন্দিৰ নিৰ্মাণৰ কথাত সনু সোদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এইয়া তেখেতৰ কাৰণে যথেষ্ট সুখৰ মুহুৰ্ত হয় আৰু তেওঁ ইয়াৰ যোগ্য নহয় বুলিও মন্তব্য কৰে। লগতে কয় যে তেওঁ মাত্ৰ এজন সাধাৰণ মানুহহে যিয়ে নিজৰ ভাই ভনীক সহায় কৰিছে।অন্যহাতে জনসাধাৰণৰ মাজত তেখেত হিৰ’ হৈ পৰাৰ পিছতেই তেখেতলৈ ছবিজগততো হিৰ’ ৰোলৰ কাৰণে বহুকেইটা প্ৰস্তাৱ আহিছে।

Leave A Reply

Your email address will not be published.