সিদ্ধাৰ্থ মালহোত্রা আৰু ৰশ্মিকা মান্দানাৰ আহিব লগীয়া নতুন ছবি ” MISSION MAJNU “
ডিজিটেল ডেস্ক : বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্রায়ে নিজৰ আহিব লগীয়া ছবি ” Mission Majnu ” ৰ প্ৰথমখন প’স্টাৰ ছ’চিয়েল মেডিয়াত চেয়াৰ কৰিছে। ছবিখনত এইবাৰ সিদ্ধাৰ্থৰ বিপৰীতে অভিনয় কৰিব সাউথৰ জনপ্ৰিয় অভিনেত্রী ৰশ্মিকা মন্দানাই ।
জানিবলৈ পোৱা মতে ছবিখন এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত। ছবিখনৰ প্ৰথম প’স্টাৰত সিদ্ধাৰ্থে লিখে যে ” শত্রুৰ সীমাত গৈ তেওঁলোকৰ ইন্টেলিজেন্স এজেন্সিৰ এটা ভয়ানক অভিযান ” ।
প’স্টাৰখনত সিদ্ধাৰ্থক দেখিবলৈ পোৱা গৈছে ৭০ দশকৰ এটা ৰূপত আৰু তেওঁৰ পিছৰফালে দেখা গৈছে জলি থকা এটা অট্টালিকা।
নেশ্যনেল ক্ৰাচ ৰশ্মিকা মন্দানাৰ বয়স ২৪ বছৰ। তেলেগু, কানাডা, তামিল আদি ছবিত অভিনয় কৰি আহিছে ৰশ্মিকাই লগতে সাউথ ৰ ভালেকেইখন ছবিত।
তেওঁলোকৰ অনুৰাগীয়ে এতিয়া প্ৰথম প’স্টাখন মুকলি হোৱাৰ পিছতে অধিৰ আগ্ৰহেৰে বাট চাই আছে সিদ্ধাৰ্থ আৰু ৰশ্মিকাৰ আহিব লগীয়া ছবি “Mission Majnu ” লৈ।