চীনে প্ৰতিবছৰে এবিধ বিশেষ ঔষধ তৈয়াৰৰ বাবে হত্যা কৰে প্রায় ৪৮ লাখ গাধ ।

ডিজিটেল ডেস্কঃ চীনে আনৰ ভুমিৰ ওপৰত চকু দিয়ে বুলি সদায়ে এক বদনাম আছে।সেই চীনৰ ওপৰত এইবাৰ আন এটা বদনাম আহি পৰিছে।চিনে কেৱল ভূমিৰ ওপৰতে নহয় অন্য দেশৰ গাধৰ ওপৰতো চকু ৰাখে বুলি মন্তব্য কৰে কিছু লোকে।জানিব পৰা মতে এবিধ বিশেষ ঔষধ তৈয়াৰ কৰিবলৈ চীনত প্ৰতিবছৰে প্ৰায় ৪৮ লাখ গাধক হত্যা কৰা হয়। আৰু তাৰ বাবে ভিন্ন দেশৰ পৰা চীনে গাধ ক্ৰয় কৰিব লগা হয়। আফ্ৰিকাৰ পৰা সৰ্বাধিক গাধ ক্ৰয় কৰে চীনে যাৰ ফলস্বৰুপে আফ্ৰিকাত বৰ্তমান গাধৰ সংখ্যা কমি আহিছে।কাহ চৰ্দি আৰু কেইটামান বেমাৰৰ লগতে চালৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ বাবে এই বিশেষ ঔষধ বিধ ব্যৱহাৰ কৰি আহিছে চীনৰ জনসাধাৰণে। উল্লেখ্য যে গাধৰ চালৰ পৰা তৈয়াৰ কৰা এইবিধ ঔষধৰ কোনো বৈজ্ঞানিক আধাৰ নাই মাত্ৰ তেওঁলোকৰ পুৰ্বৰ পৰা চলি অহা নিয়ম আৰু বিশ্বাসৰ বাবে তেওঁলোকে এই ঔষধ ব্যৱহাৰ কৰি আহিছে।কোনো বৈজ্ঞানিক আধাৰ নথকা ঔষধ নিৰ্মাণৰ বাবে লাখ লাখ গাধ হত্যা কৰা কথাত অসন্তুষ্ট হৈ জীৱ জন্তুৰ বাবে কাম কৰা বিশ্বৰ কেইবাটাও সংস্থাই চীনক কটু কথা শুনাইছে যদিও নুশুনাৰ ভাও জুৰিছে চীনে। এনেকৈ ভিন্ন দেশৰ পৰা ক্ৰয় কৰা গাধ বছৰত ৪৮ লাখকৈ হত্যা কৰিলে এটা সময়ত যে গাধ অস্তিত্বহীন হৈ পৰিব সেই কথা ধুৰুপ।

Comments (0)
Add Comment