VUI202012/01 নামেৰে নামাকৰণ কৰোণাৰ নতুন ৰূপক

ডিজিটেল ডেস্কঃ বিশ্বত অব্যাহত আছে কৰোণা ভাইৰাছৰ দ্বিতীয় ৰূপৰ ত্ৰাস। এই নতুন ৰূপ শেহতীয়াকৈ ধৰা পৰাৰ পিছতেই আতংকিত হৈ পৰিছিল বিশ্ববাসী। ব্ৰিটেইনত ক্ষিপ্ৰ গতিত সংক্ৰমিত হৈছে এই নতুন ৰূপ। বিজ্ঞানীমহলে এই নতুন ৰূপক VUI202012/01 নামেৰে নামাকৰণ কৰাৰ লগতে লগতে ই আগতকৈ অতি ভয়াবহ আৰু মাৰাত্মক বুলি ঘোষনা কৰিছে। আগতকৈ ক্ষিপ্ৰতাৰে এজন ব্যক্তিৰ দেহৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ এই নতুন ৰূপ সংক্ৰমিত হয়। পুৰ্বৰ লক্ষন সমুহ যেনে জ্বৰ, চৰ্দি,কাহ আদিৰ বিপৰীতে নতুন ৰূপৰ লক্ষন সমুহ হ’ল খাবলৈ মন নোযোৱা, ডায়েৰিয়া,মূৰৰ বিষ আদি।বিট্ৰেইনত সংক্ৰমনৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে বিট্ৰেইনৰ চাৰিটাকৈ বিশেষ স্থানত ইতিমধ্যে লকডাউন ঘোষণা কৰিছে।ইয়াৰ লগতে বিট্ৰেইনৰ সৈতে বিভিন্ন দেশৰ বিমানসেৱা সমুহ বাতিল কৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment