তিতাবৰত মুকলি আন্ত:ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতা
ডিজিটেল ডেস্কঃ দেওবাৰে তিতাবৰৰ কাৰশলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থাৰ উদোগত ছাৱ-জুনিয়ৰ ,জুনিয়ৰ ,ছিনিয়ৰ মুকলি আন্ত:ক্লাৱ টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হয় ।তিতাবৰৰ ৮ টা ক্লাৱৰ ১৮০ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।তিতাবৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি ভাস্কৰজোতি বৰুৱা ,ঠেঙ্গাল কছাৰী স্বায়ত্ত-শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী ,তিতাবৰ জিলা কাৰাটে সন্থাৰ সম্পাদক মনজিত হাজৰিকা, উজনি অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক অভিজিত দত্ত,তিতাবৰ জিলা টাইকোৱাণ্ডো সন্হাৰ সভাপতি আনুৱাৰ হুছেইন,তিতাবৰ জিলা টাইকোৱাণ্ডো সন্হাৰ কাৰ্যকৰি সভাপতি ইউচুফ আলি,তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্হাৰ বিষয়ববীয়াৰ উপৰিও বহু সংখ্যক অভিভাৱক অভিভাৱিকা এই প্ৰতিযোগিতাখনত উপস্থিত থাকে।