ডুমডুমাত আৰক্ষী আৰু NCC ৰ ” পথ সুৰক্ষাৰ সজাগতা অভিযান “

ডিজিটেল ডেস্কঃ মটৰ চাইকেল চলাওঁতে হেলমেট আৰু গাড়ী চলাওঁতে চিটবেল্ট জৰুৰীভাৱে পৰিধান কৰিবলৈ অনুৰোধ জনাই ডুমডুমা আৰক্ষীয়ে পথ সুৰক্ষাৰ সজাগতা অভিযানৰ আৰম্ভ কৰিছে আৰু এই সজাগতা অভিযানত NCC য়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় । হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহী আৰু চিটবেল্ট পৰিধান নকৰা গাড়ী চালকসকলক পথ সুৰক্ষাৰ প্ৰতি সজাগ কৰিবলৈ এই পদক্ষেপ লোৱা পৰিলক্ষিত হয়। পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যেই ডুমডুমাৰ আৰক্ষীয়ে নৱবৰ্ষৰ দ্বিতীয় দিনাৰ পৰা আৰম্ভ কৰে এই ” পথ সুৰক্ষা সজাগতা অভিযান” । এই অভিযানত সহযোগিতা আগবঢ়াই ডুমডুমাৰ লানাৰ্চ হাইস্কুল আৰু ডুমডুমা মহাবিদ্যালয়ৰ NCC ৰ কিশোৰী কেদাৰসকলে।

উল্লেখ্য যে, নৱবৰ্ষৰ আনন্দ- উল্লাহত মতলীয়া হোৱা বিশেষকৈ যুৱ চামৰ মাজত পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ডুমডুমা থানাৰ পৰিদৰ্শক মণিমোহন কোঁচে লোৱা এই পদক্ষেপক ডুমডুমা বাসীয়ে শলাগ লৈছে

Comments (0)
Add Comment