Daily Time Axom

কেটৰীনা কেফ আৰু ৱিক্কি কৌচলৰ এখন ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পোহৰলৈ আহিছে দুয়োৰে গোপন সম্পৰ্ক ।

0 17

ডিজিটেল ডেস্কঃ কেটৰীণা কেফ আৰু ৱিক্কি কৌচলৰ ৰিলেশ্বনচীপ বিগত বৰ্ষৰ পৰাই চৰ্চাত আছিল যদিও নিশ্চিত হোৱা নাছিল। দুয়োকে ডেটিঙত যোৱা আৰু দুয়োকে একেলগে বহু ঠাইত অহা যোৱা কৰা মূহুর্ততে দেখিবলৈ পাইছিল তেওঁলোকৰ অনুৰাগীসকলে। বৰ্তমানৰ লৈকে এই সম্পর্কে তেওঁলোকে কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছিল।
কিন্তু এইবাৰ কেটৰীণাৰ এটা ভূলৰ বাবে নিজা ইন্সট্ৰাষ্ট’ৰীত শ্বেয়াৰ কৰা এখন ফটোত দেখিবলৈ পোৱা গ’ল ৱিক্কি কৌচলক । ফটোখনত দেখিবলৈ পোৱা মতে কেটৰীণাৰ কাষতে আছে ভনীয়েক ইসাবেল কেফ আৰু কেটৰীণাৰ সন্মুখতে বহি থকাৰ বাবে পিছৰ এখন গ্লাছত জিলিকিল ৱিক্কি কৌচলো। ফটোখন এতিয়া সম্পূর্ণ চৰ্চাত আহি পৰিছে ছ’চিয়েল মেডিয়াত, লগতে এই বিষয়ক লৈ এতিয়া চৰ্চাত আহি পৰিছে ৱিক্কি কৌচল আৰু কেটৰীণা কেফৰ সম্পৰ্কৰ কথা ।

Leave A Reply

Your email address will not be published.