৪ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পুনৰ বৈঠকত মিলিত হ’ব আন্দোনকাৰী কৃষক
ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন বৰ্তমানেও অব্যাহত আছে।কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ লগত বহু কেইবাৰ বৈঠকত মিলিত হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনো ইতিবাচক সমাধান উলোৱা নাই । নিজৰ সিদ্ধান্তত অটল হৈ থকা কৃষকসকলে বৰ্তমানেও আন্দোলন চলাই থকা পৰিলক্ষিত হৈছে।পূৰ্ণগতিত অব্যাহত থকা এই আন্দোলনৰ মাজতে এইবাৰ পুনৰ চৰকাৰ আৰু কৃষকসকলৰ মাজত ৪ জানুৱাৰীত বৈঠক অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে এইবাৰ এই বৈঠকত এক সমাধান ওলাব বুলি আশ্বাস প্ৰদান কৰিছে । ইফালে আন্দোলনকাৰী কৃষকসকলে ৪ জানুৱাৰীৰ এই বৈঠকত কোনো সমাধান নোলালে আন্দোলন আৰু অধিক তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ প্ৰদান কৰিছে।