ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আৰম্ভণিতেই বিভিন্ন ঠাইৰ পৰা কাজিৰঙা লৈ আগমন হ’ল যথেষ্ট সংখ্যক পৰ্যটকৰ । বছৰৰ প্ৰথম তিনিটা দিনতে কাজিৰঙালৈ আহিল ৮ হাজাৰৰো অধিক পৰ্যটক । পৰ্যটকৰ আগমনৰ ফলত তিনিটা দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজহ সংগ্ৰহ হৈছে প্ৰায় ১০ লাখৰো অধিক টকা ৷ ২০২১ৰ আৰম্ভণিতে ৯৯ শতাংশ অসমৰ তথা থলুৱা পৰ্যটকৰ উপস্থিতিয়ে অভিলেখ সৃষ্টি কৰিছে কাজিৰঙাত ৷ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২০চনৰ ২১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যান কৰ্তৃপক্ষৰ মতে উদ্যানখন পুনৰ মুকলি কৰাৰ দিনৰে পৰা ২০২১ৰ ৩ জানুৱাৰী তাৰিখ পৰ্যন্ত পৰ্যটকৰ সংখ্যা হলগৈ ৭৬ হেজাৰ ৷ আনহাতে এই ৭৬ হাজাৰ পৰ্যটকৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ হ’ল প্ৰায় ১.৫ কোটিৰো অধিক টকা ৷ ইফালে প্ৰথমবাৰৰ বাবে ৭৬ হেজাৰ পৰ্যটকৰ ভিতৰত ৯৯ শতাংশই অসমৰ পৰ্যটকৰ উপস্থিতিয়ে অভিলেখ সৃষ্টি কৰিলে কাজিৰঙাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত |