বৰক্ষেত্ৰী মহাবিদ্যালয়ত শিক্ষক গোটৰ উদ্যোগত ৰক্তদান শিবিৰ
ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত বুধবাৰে এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।বৰক্ষেত্ৰী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আৰু বৰক্ষেত্ৰী ৰক্তদান গ্ৰুপৰ সহযোগত অনুষ্ঠিত হোৱা এই মহান কাৰ্যসুচীটো শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰে । উক্ত কাৰ্যসুচীত নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক উমেশ ফাংচু, মুকালমুৱা খণ্ড চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মন, আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া কমলদেব গোস্বামী,বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মা,বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক সমাজ আৰু বৰক্ষেত্ৰী ৰক্তদান গ্ৰুপৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ইয়াৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীকে ধৰি অৰ্ধশতাধিকে ৰক্ত দান কৰি অনুষ্ঠানটো সফল কৰি তোলে ।ইয়াৰ সমান্তৰালকৈ উদ্যোগতা সকলে অনুষ্ঠানটো সফল কৰি ৰক্ত দানত ভাগ লোৱা প্ৰতিগৰাকী লোককে গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে ।