Daily Time Axom

২০২১ ৰ পহিলা জানুৱাৰীত বিশ্বৰ সৰ্বাধিক শিশু জন্ম হোৱা দেশ হ’ল ভাৰত

0 15

ডিজিটেল ডেস্কঃ ২০২১ চনৰ আৰম্ভণিতে United Nations International Children’s Emergancy Fund চমুকৈ UNICEF য়ে শিশু সম্পৰ্কে এক মন্তব্য আগবঢ়াইছে। UNICEF ৰ এক সমীক্ষা অনুসৰি বছৰৰ পহিলা দিনটোতে বিশ্বত প্ৰায় ৩.৭১.৫০০ তকৈয়ো অধিক শিশুৰ জন্ম হৈছে। আৰু ইয়াৰ ভিতৰত সৰ্বাধিক শিশু জন্ম হোৱা দেশখন হ’ল ভাৰত অৰ্থাৎ ভাৰতত পহিলা দিনটোতে প্ৰায় ৬০.০০০ শিশুৰ জন্ম হৈছে। উল্লেখ্য যে ২০২১ ত প্ৰথমে উপজা শিশুটি দ্বীপ ৰাষ্ট্ৰ ফিজিৰ হোৱাৰ বিপৰীতে একেবাৰে শেষত উপজা শিশুটি আমেৰিকাৰ হোৱা পৰিলক্ষিত হ’ল।ইয়াৰ লগতে UNICEF ৰ এটা এজেঞ্চীৰ তথ্য অনুসৰি অনাগত বছৰটোত সমগ্ৰ বিশ্বতে প্ৰায় ১.৪০ কোটি শিশুৰ জন্ম হ’ব বুলি অনুমান কৰাৰ লগতে সেই শিশু সকলৰ বয়স ৮৪ বছৰতকৈও অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সংস্থাটোৱে সদৰি কৰিছে । এই সম্পৰ্কে UNICEF ৰ কাৰ্যকৰী নিৰ্দেশক হেনৰীতাই মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে এই শিশু সকলে আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে গতিকে তেওঁলোক সুৰক্ষিত আৰু স্বাস্থ্যবান হওঁক।ইয়াৰ উপৰিও তেখেতে কয় যে ২০২১ বৰ্ষ আৰু ২০২০ ৰ শিশু সকলে প্ৰথমেই এটা বেলেগ পৰিবেশ পাইছে গতিকে তেওঁলোকে এটা সুস্থ আৰু সুৰক্ষিত বছৰ লাভ কৰক ।

Leave A Reply

Your email address will not be published.