ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উতপ্ত পৰিস্থিতি
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় চহৰৰ ফুলবাগানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতি বাৰে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।চিটুৰ আহ্বান মৰ্ম্মে ডিব্ৰুগড়ত চিটু, অসম ৰাজ্যিক কৃষক সভা, এছ, এফ, আই, আৰু DYFI কৰ্মীসকলে কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে চুচুৰাই আটক কৰাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতিও হয়। উল্লেখ্য যে আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজৰ তেনে পৰিস্থিতিৰ মাজতো আৰক্ষীয়ে বলপ্ৰয়োগ কৰি প্ৰায় পঞ্চাশজন প্ৰতিবাদকাৰীক আটক কৰে।