ফ্ৰান্সত বাৰ্ড ফ্লুৰ সংক্ৰমণ : ৬ লাখৰো অধিক পক্ষীক নিধনৰ নিৰ্দেশ
ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন ৰাজ্যত ক্ষীপ্ৰতাৰে সংক্ৰমিত হৈছে মুৰ্গী আৰু পক্ষীৰ দেহত দেখা দিয়া ভয়াবহ বাৰ্ড ফ্লু। ভাৰতৰ বিভিন্ন ৰাজ্যত ভয়াবহ ৰূপ লোৱাৰ সময়তেই শেহতীয়াকৈ ফ্ৰান্সতো সংক্ৰমিত হৈছে এই ৰোগবিধ । ফ্ৰান্সৰ দক্ষিণ পশ্চিম এলেকাত বাৰ্ড ফ্লুৰ বিপদ বাঢ়ি যোৱাৰ লগে লগেই ফ্ৰান্স চৰকাৰে প্ৰায় ৬ লাখ মুৰ্গী আৰু অন্যান্য পক্ষীক নিধন কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে। এই সম্পৰ্কত ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে এই ৰোগ সক্ৰমিত হ’বলৈ এইবাৰ কোনো ধৰনৰ সুযোগ দিয়া নহ’ব । ইতিমধ্যে প্ৰায় ২ লাখ মুর্গীক মাৰি পেলোৱা হৈছে যদিও দেশখনত এতিয়াও বাকী আছে ৪ লাখ মুর্গীৰ লগতে অন্যান্য পক্ষী । এই আটাইবোৰকে অতি সোনকালে মাৰি পেলোৱা হ’ব বুলি দেশ খনৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰত প্রকাশ। উল্লেখ্য যে সংক্ৰমন অধিক হোৱা এলেকাসমুহৰ মুর্গী আৰু পক্ষীকহে মাৰি পেলোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ এতিয়ালৈকে যিসমুহ এলেকাত সংক্ৰমন হোৱা নাই সেই এলেকা সমুহৰ মুর্গী আৰু পক্ষী সমুহক সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে ফ্ৰান্স চৰকাৰে ।