ডিজিটেল ডেস্কঃ ৰাজ্যৰ চাৰিওফালে বৰ্তমান ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।।উৰুকাৰ নিশাটো একেলগে কটাই পৰিয়াল তথা বন্ধু বান্ধৱৰ সহিতে এসাজ তৃপ্তিৰে আৰু আনন্দৰে খোৱাৰ আশাৰে সকলোৱে সাজিছে ভেলা ঘৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজা হৈছে ভেলা ঘৰ সমুহ।কোনে কিমান ধুনীয়া কৈ সাজিব পাৰে তাৰ যেন অঘোষিত প্ৰতিযোগিতাহে চলিলে ৰাজ্যৰ চৌপাশে ।ভোগৰ উৎসৱ ভোগালীক আদৰাৰ হেঁপাহেৰে নুমলীগড়তো চলিছে ব্যাপক আয়োজন।প্ৰায় এমাহ আগৰ পৰাই নুমলীগড়ৰ মৰঙী মটৰ গাৱৰ ডেকা, গাভৰু, বৃদ্ধ, মহিলা সকলো একেলগ হৈ গাঁৱখনৰ পথাৰৰ মাজতে সাজিছে এখন জাহাজৰ আৰ্হিৰ এটা ভেলাঘৰ ।উৰুকাৰ নিশা হাঁহে- মাহে লগে ভাগে এসাঁজ খাবলৈ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি।বিৰামহীন ব্যস্ততাৰ মাজতে
ককাআইতাৰ পৰা ডেকা গাভৰু সকলোৱে মনৰ আনন্দতে এপাক ককালভাঙি নাচিচে।মুঠৰ ওপৰত এতিয়া অসমৰ আন ঠাই সমূহৰ সমান্তৰাল ভাৱে ভোগালীক লৈ নুমলীগড়টো চলিছে সীমাহীন ব্যস্ততা ।