২৫সংখ্যক কেৰেলাৰ চলচ্চিত্র মহোৎসৱলৈ ‘বেলকনিত ভগৱান’
ডিজিটেল ডেস্কঃ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব লগা কেৰেলাৰ ২৫ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ” ইণ্ডিয়ান চিনেমা নাও ” তথা ” শ্ৰেষ্ঠ ভাৰতীয় কথাছবি”ৰ প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰিত হৈছে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, নুৰুল চুলতানে প্ৰযোজনা কৰা ছবি “বেলকনিত ভগৱান ” ।
উল্লেখ্য যে, ২৪ দিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱত ” বেলকনিত ভগৱান” ছবিখন চাৰিবাৰকৈ প্ৰদৰ্শন হ’ব লগতে এই অনুষ্ঠানত দেশ – বিদেশৰ প্ৰায় ২০০ খনৰো অধিক কথাছবি প্ৰদৰ্শিত হ’ব।
আনহাতে উক্ত ছবিখনে অহা ৯ আৰু ১৪ জানুৱাৰীত ২৬ সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ আৰু ১৫ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা ১৯ সংখ্যক ঢাকা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্ৰতিযোগিতাটো অংশগ্রহণ কৰিব।