Daily Time Axom

তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

0 13

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ শদিয়া মেগেলা গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।ট্ৰেক্টৰ আৰু ডি আই মাজত হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে ১৬ জনকৈ লোক। এই আহত সকলৰ ভিতৰত পুৰুষ-মহিলাৰ লগতে ৬ টি শিশুও আছে ৷ আহত লোককেইজন শদিয়াৰ বৰগড়া-লাইপুলি গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ডি আই গাড়ীখনৰ ৩০ জনীয়া দলটোৱে বনভোজ খাই ঘৰমুৱা হোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা লোকসকলক স্থানীয় ৰাইজে ততাতৈয়াকৈ চপাখোৱাৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। ইতিমধ্যে আহত সকলৰ ভিতৰত ৫ গৰাকীকৈ লোকৰ অৱস্থা অতি সংকতজনক হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ৷

Leave A Reply

Your email address will not be published.