Daily Time Axom

আমেৰিকাৰ সংসদ ভৱন আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

0 32

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সংসদ ভৱনত ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰা ঘটনাই ইতিমধ্যে বিশ্বব্যাপী চৰ্চা লাভ কৰিছে। এই দুৰ্ভাগ্যজনক ঘটনাটোত নিৰাপত্তা বাহিনীৰ লগত হোৱা প্ৰত্যক্ষ সংঘাতত ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে সদৰী কৰা মতে নিৰাপত্তা বিভাগে কেপিটেলত অবৈধ ভাৱে প্ৰৱেশ কৰা ট্ৰাম্পৰ সমৰ্থক সকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ প্ৰস্তুতি চলাইছে । ইতিমধ্যে সংসদ ভৱন লণ্ডভণ্ড কৰাৰ অভিযোগত আৰক্ষীয়ে ৬৮জন লোকক আটক কৰিছে। উল্লেখ্যযোগ্য যে সংসদ ভৱনত হোৱা এই আক্ৰমণে বুধবাৰে চৰম ৰূপ পাইছিল, য’ত হিংসাত্মক কাৰ্যত জড়িত ১৪ জন লোকৰ বিৰুদ্ধে ৰায়তৰ অভিযোগ উত্থাপিত হৈছিল।

Leave A Reply

Your email address will not be published.