দেশে কেতিয়া লাভ কৰিব কৰোণা ভেকচিন ? জানো আহক

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বক কৰোণা ভাইৰাছে গ্ৰাস কৰি ৰাখিছে। বৰ্তমানেও এই ভাইৰাছৰ সঠিক ভেকচিন আৱিষ্কাৰ হোৱা নাই। বহুতো দেশে কৰোণাৰ ভেকচিন আৱিষ্কাৰৰ বাবে পৰীক্ষা নিৰীক্ষা চলাই আছে।ইয়াৰ সমান্তৰালকৈ ভাৰততো কৰোণাৰ ভেকচিনৰ পৰীক্ষা নিৰীক্ষা চলি আছে।ইয়াৰ মাজতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোণাৰ ভেকচিন সম্পৰ্কীয় বিষয়ত সোমবাৰে দেশৰ সকলোবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এক বৈঠক অনুষ্ঠিত কৰিছে।সোমবাৰে ৪ বজাত অনুষ্ঠিত হ’ব এই বৈঠক।ইফালে চলিত মাহৰ মাজ ভাগৰ পৰা কৰোণাৰ ভেকচিনৰ টিকাকৰণ আৰম্ভ হোৱাৰো সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে ৩ কোটি লোকক এই ভেকচিন বিনামূলীয়া কৈ প্ৰদান কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। ইয়াৰ লগতে ৫০ বছৰৰ ওপৰৰ লোক আৰু ৰোগাক্ৰান্ত লোক সকলৰ টিকাকৰণৰ খৰছ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰিছে।এই সকলোবোৰৰ সম্পৰ্কে এই বৈঠকত আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment