গুৱাহাটীত জ্যেষ্ঠ নাগৰিক আৰু মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা ।

ডিজিটেল ডেস্ক:– দেওবাৰে অসম চৰকাৰৰ “ভ্ৰমণ আঁচনি” অধীনত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক আৰু মহিলাৰ বাবে সম্পূৰ্ণ বিনামূলীয়া বাছসেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । বিনামূলীয়া বাছ সেৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । উল্লেখ যোগ্য যে ”ভ্ৰমণ আঁচনিৰ” অধীনত গুৱাহাটী মহানগৰীত ২৫খন ”পিংক বাছ” সেৱা মুকলি কৰে অসম পৰিবহণ বিভাগে । শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জ্যেষ্ঠ নাগৰিক আৰু মহিলা সকলৰ পৰিবহণত সকাহ দিয়াৰ কথা উল্লেখ কৰি সকলোকে ”পিংক বাছ” সমূহৰ যত্ন লবৰ বাবে আহ্বান জনায় । শুভাৰম্ভণি অনুষ্ঠানত পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পটুৱাৰীৰ লগতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।

Comments (0)
Add Comment