ব্ৰাজিল ৰাষ্ট্ৰপতিয়ে পত্ৰৰ যোগেদি বিচাৰিলে ভাৰতৰ কৰুণা ভেকচিন ।

ডিজিটেল ডেস্কঃ- ভাৰতৰ দুটা কৰুণা ভেকচিনে জৰুৰী ভাৱে ব্যৱহাৰৰ অনুমতি পোৱাৰ পাছতে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত। শেহতীয়াকৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাৰিৰ বল’চনাৰৱে ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ এখন বিশেষ পত্ৰ পঠিয়াই ভাৰতৰ পৰা ২০লাখ কৰুণা ভেকচিন ব্ৰাজিললৈ পঠাবৰ বাবে অনুৰোধ জনাইছে। অৱশ্যে এই পত্ৰৰ উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বৰ্তমান সময়লৈ দিয়া নাই যদিও শীঘ্ৰে এই পত্ৰক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Comments (0)
Add Comment