Daily Time Axom

তিতাবৰত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

0 13


ডিজিটেল ডেস্কঃ-তিতাবৰৰ শ্যাম গাৱত পিঞ্জৰাবদ্ধ এটা নৰ নাহৰফুটুকী বাঘ । খাদ্যৰ সন্ধানত জনাঞ্চলত বাস কৰিবলৈ লৈছে নাহৰফুটুকী বাঘে। তিতাবৰৰ গ্ৰাম্য অঞ্চলত বাঘে পোহনীয়া গৰু, ছাগলী, কুকুৰ খাই অহাতো কোনো নতুন কথা নহয় । যোৱা এমাহ ভিতৰত দুজনকৈ মানুহক দিনতে আক্ৰমণ কৰি আতংকৰ আন এটা নাম লবলৈ সক্ষম হৈছে নাহৰফুটুকী বাঘে। অঞ্চলবাসী ৰাইজৰ বহু লোকে পোৱালি সহ আৰু কেইবাটাও বাঘ থকা কথা সদৰি কৰিছে । নিদিষ্ট সময়ত প্ৰশাসনৰ বিষয়া অহি বাঘতো পিঞ্জৰাবদ্ধ কৰি লৈ যায় যদিও চৰকাৰ আৰু প্ৰশাসনক বাঘৰ উপদ্ৰপৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাই অঞ্চলবাসীয়ে।

Leave A Reply

Your email address will not be published.