Daily Time Axom

দেশত অব্যাহত আছে Bird flu ৰ সন্ত্ৰাস

0 12

ডিজিটেল ডেস্ক: কৰোণাৰ পিছতেই দেশত বৰ্তমান বাৰ্ড ফ্লুৰ সংক্ৰমণে দেখা দিছে। আৰু দিন বাঢ়ি যোৱাৰ লগে লগে এই সংক্ৰমণো বাঢ়ি যোৱা পৰিলক্ষিত হৈছে।দেশৰ ৯ খনকৈ ৰাজ্য মধ্য প্ৰদেশ,কেৰেলা, ৰাজস্থান,হিমাচল প্ৰদেশ,হাৰিয়ানা, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু দিল্লীতো বাৰ্ড ফ্লুৱে সন্ত্ৰাসৰ ৰূপ ধাৰণ কৰিছে। মহাৰাষ্ট্ৰত যোৱা দুটা দিনত ইতিমধ্যে ৮০০ মুৰ্গীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ।ইফালে দিল্লীৰ পশু বিভাগৰ অধীনত ভূপাললৈ পঠিওৱা ৮ টা চেমপল ইতিমধ্যে পজিটিভ ওলোৱাৰ পিছতেই এতিয়া সকলোবোৰ ৰাজ্যতে সতৰ্কতা পুৰ্বতকৈ বৃদ্ধি পাব ধৰিছে।দেশৰ কেইবাখনো ৰাজ্যত সাংঘাটিক ভাৱে বাৰ্ড ফ্লুৰ প্ৰভাৱ বৃদ্ধি হৈ গৈ থকাৰ সম্পৰ্কত সংসদীয় কমিটিয়ে সোমবাৰে এখন বৈঠক অনুষ্ঠিত কৰিছে।বাৰ্ড ফ্লুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন পক্ষী সংগ্ৰহালয় সমুহক প্ৰতিদিনে কেন্দ্ৰীয় পক্ষী সংগ্ৰহালয়ক ৰিপ’ৰ্ট দাখিল কৰাৰো নিৰ্দেশনা জাৰি কৰিছে।আৰু এই নিৰ্দেশ সংক্ৰমণ নকমালৈকে বাহাল থাকিব বুলি কেন্দ্ৰীয় চৰকাৰৰ সুত্ৰটোৱে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.